সাতটা দশকৰ স্বাধীনতা আৰু  এখন পংগু দেশ – স্বৰাজ প্রিয়

United Bikers of Assam take onto the roads of the North-East as they ride for the promotion of road safety.
August 14, 2017
As India Celebrates 71st Independence Day, these pictures from flood hit Assam exemplify love for the Tricolor
August 15, 2017
Show all

সাতটা দশকৰ স্বাধীনতা আৰু  এখন পংগু দেশ – স্বৰাজ প্রিয়

আমি এনে এখন দেশ, এনে এখন ৰাজ্য, এনে এটা অঞ্চলৰ বাসিন্দা য’ত আজি দেশ স্বাধীন (!) হোৱাৰ ৭টা দশকৰ পিছতো আমি স্বাধীনতাৰ সংজ্ঞা বিচাৰি বাৰে বাৰে উজুটি খাওঁ। স্বাধীনতা আজিও এই মুলুকত এটা হাই-প্ৰফাইল দোমোজা, যাৰ আলোচনা নহয় মুকলি অকাশৰ তলত। দেখাকেইজনে দোমোজা ডিঙিত আঁৰি ভাল নাপায়, এটা শ্ৰেণীয়ে আজিও ৰাষ্ট্ৰপ্ৰেমৰ নামত ইপাৰ সিপাৰ নেদেখা ৰঙীন চছমা পিন্ধি ভাল পায়, আৰু যি কয় স্বাধীনতাৰ কথা, অধিকাৰৰ কথা, ন্যায়ৰ কথা, প্ৰাপ্যৰ কথা তেওঁলোক একো একোজন “দেশদ্ৰোহী”।

কোনবোৰ স্বাধীনতাৰ কথা কৈ আমাক আচলতে ৩দিনীয়া স্বাধীনতা দিৱস উদযাপনৰ কথা কোৱা যায় ! স্বাধীনতাৰ কথা কোৱা যিখন সংবিধানে দশকজুৰি উলংগ কৰিছে মানৱ অধিকাৰ সেইখনত লিখি থোৱা স্বাধীনতা, য’ত ব্যক্তিসন্ত্ৰাসৰ স্পষ্ট ব্যাখ্যা আছে কিন্তু ৰাষ্ট্ৰসন্ত্ৰাসৰ বিৰুদ্ধে যিখন নিমাত সেয়া স্বাধীনতা, যিখন ৰাষ্ট্ৰৰ আদেশত বাৰে বাৰে হত্যা কৰা হয় গণতন্ত্ৰক সেই একেখন ৰাষ্ট্ৰৰ স্বাধীন হোৱাৰ দিন উদযাপন কৰিবলৈ ইমান জাক-জমকতা, উচ্চাহ !

আমি এনে এখন গণতান্ত্ৰিক দেশৰ নাগৰিক য’ত এজন লিখকৰ চৰকাৰৰ ওপৰত হোৱা সমালোচনাৰ লেখাৰ অস্ত্ৰোপচাৰ চলে প্ৰকাশৰ আগত, য’ত এজন চিত্ৰকৰৰ ছবিত ফুটি উঠিলে সঁচাবোৰৰ কথা মচি পেলোৱা হয় সেই ছবি, য’ত এজন কার্টুনিষ্টএ যেতিয়া চেষ্টা কৰে আঁকিবলে দেশৰ দুৰ্দশা তেতিয়া ৰাজনৈতিক ক্ষমতাৰ জোৱাৰ উঠি পৰি আহে সেই কণ্ঠ ৰুধিবলে।

অথচ গণতান্ত্ৰিক এই দেশ !

উত্তৰ পূৱত আজি স্বাধীনতাৰ ৭০ বছৰ পিছতো ভুৱা এনকাউণ্টাৰ আৰু চৰকাৰী সেনা জোৱানৰ দ্বাৰা হোৱা নিৰ্যাতন আৰু বলাত্কাৰ একো একোটা অস্পষ্ট বিষয়। কোনখিনিত স্বাধীন আমি ?

১৯৯১ চনৰ ৩০জানুৱাৰীত ১৩ বছৰীয়া কিশোৰী ৰুমী কোঁৱৰক মাক দেউতাকক বান্ধি তেওঁলোকৰ চকুৰ আগতে ধৰ্ষণ কৰিছিল ভাৰতীয় নিৰাপত্তাৰক্ষীএ। ক’ত আছিল সংবিধানত উল্লেখ থকা অধিকাৰ তেতিয়া ?

১৩বছৰীয়া পুতলা বৰাক ডিগবৈত পঞ্জাৱ ৰেজিমেণ্টৰ দুজন সৈনিকে তেওঁৰ ঘৰতে ধৰ্ষণ কৰিছিল (কেচ নং ২/৯১ এছ ৩৭৬/৩৪ আই পি চিৰ অধীনত)। পালেনে ন্যায় ?

১৬ বছৰীয়া লক্ষ্মী গগৈ, ২০বছৰীয়া নিৰু গগৈ, ১৫ বছৰীয়া মীনা গগৈ, ১৬ বছৰীয়া যমুনা গগৈ, ১৪ বছৰীয়া পূণ্য গগৈ-লক্ষ্মী পথাৰৰ গণধৰ্ষণৰ বলি এই অসমীয়া যুৱতীৰ তেজৰ দাম ক’ত ?


১৯৯১ চনৰ ১৬অক্টোবৰত ১৪ বছৰীয়া ভনীমাই দত্তৰ ভাৰতীয় সেনাৰ হাতত হোৱা গনধৰ্ষণৰ ফলত মৃত্যু হৈছিল। পৰিয়ালে মাত্ৰ বিচাৰি পাইছিল নাঙঠ কিশোৰী গৰাকীৰ মৃতদেহ। ১৯৯২চনৰ ১৮মে’ত ১৫ বছৰীয়া নীলিমা বড়ো, ১৪ বছৰীয়া ফউদৰ বড়ো আৰ্মীৰ ধৰ্ষণৰ বলি হৈছিল টংলা পুলিচ চকীৰ অধীনৰ এখন গাওঁত। ২৮বছৰীয়া উন্দিবালা ৰয় ১৯৯১চনৰ ২২অক্টোবৰত ধৰ্ষিত হৈছিল সেনাৰ হাতত, একেতা বছৰতে ৬ ছেপ্তেম্বৰত ৰাজু বৰুৱা নামৰ এগৰাকী কলেজীয়া ছাত্ৰীক সেনাই ধৰ্ষণ কৰি পুখুৰীলৈ দলিয়াই দিছিল।

এইটো বছৰতে (২০১৭)  ভালুকপুঙত উদ্ধাৰ হৈছিল ৮মহীয়া গৰ্ভৱতী কিশোৰী যাৰ সেনাৰ হাতত ধৰ্ষণ হৈছিল,জুলাই মাহৰ ১৬ তাৰিখে মিজোৰামৰ মামী জিলাত হোৱা ধৰ্ষণ আৰু কিমান নাম পোহৰ আৰু এন্ধাৰৰ মাজত থকা ! ক’ত হ’ল উচিত বিচাৰ ? গণতন্ত্ৰৰ ৰক্ষক ভাৰতীয় সেনা আজিও সংবিধানৰ আওতাৰ বাহিৰত নেকি ? ১৯৯৬ চনত মুকলি আকাশৰ তলত গুলিয়াই পৰাগ কুমাৰ দাসৰ হত্যা, ২০০৬ চনত কাকপথাৰত গণহত্যা, ২০১৭ চনৰ ১৪জুনত সেনাৰ ভুলৰ পৰিণতিত অৰুণাচল প্ৰদেশৰ চাংলাং গাঁওৰ এজন নিৰীহ গঞাৰ সেনাৰ গুলিত মৃত্যু। “Mistaken Identity” ত সামৰ খায় মানুহৰ জীৱনৰ দাম।

ভাৰতীয় সেনাৰ হাতত উত্তৰ পূৱৰ জনসাধাৰণৰ জীৱন স্বাধীনোত্তৰ কালত দশকজুৰি এটা পুতলা হিচাপেই পৰিগণিত হৈ আহিছে। য’ত চি.আৰ.পি.এফ ৰ নিজা আই.জি. পি ৰ প্ৰতিবেদনতো ভুৱা এনকাউন্টাৰ সম্পৰ্কে তথ্য দাঙি ধৰা হৈছিল। কিন্তু ইয়াৰ পিছতো ন্যায় আৰু বিচাৰ এইসকল মানুহৰ বাবে এটা মাত্ৰ unaffordable বিলাসীতা। আৰু তাৰ মাজত দেশ স্বাধীন হোৱাৰ উচ্ছাহ।

আমি ইতিহাসৰ কথা আওৰাই দিব পাৰো, হয়তো আঙুলিৰ মূৰত গণিব পৰা কিছুসংখ্যক ভুক্তভোগীৰ নাম দিব পাৰো কিন্তু প্ৰশ্নবোৰ চবেই নিজে নিজক কৰিব লাগিব। আৰু এতিয়াই যদি নুশুধো নিজক স্বাধীনতাৰ ব্যাখ্যা,যদি মাত নামতো অধিকাৰ ন্যায়ৰ সপক্ষে, যদি থিয় দিব নোৱাৰো এক ভুৱা অস্পষ্ট স্বাধীনতা নামৰ ধাৰণাৰ বিৰুদ্ধে তেন্তে আমি সদায়ৰ কাৰণে এখন পংগু দেশৰ পৰাধীন মানুহ হৈ ৰ’ম, য’ত সংবিধান, ৰাষ্ট্ৰব্যৱস্থা বা গণতন্ত্ৰই আমাক কেতিয়াও স্বাধীন কৰিব নোৱাৰে। স্বাধীন আমি নিজেহে হ’ব পাৰিম, এয়া প্ৰশ্নবোৰ সবল কৰাৰ সময়।

[Featured Artwork : Linda Forsell. Cause of Death: Woman War (Congo)]
[All images are sourced from the Internet.]
[All the opinions and views expressed are solely of the author and not of TNEC as a whole.]

[All Rights Reserved.]

3 Comments

  1. Faruq Ahmed says:

    সুন্দৰ লিখনি ।

  2. Panchanan says:

    অত্যন্ত প্ৰতিবাদী লেখা। ভাল পালো লেখাটো।

  3. Priyadarshika says:

    Bhal Palo porhi

Leave a Reply

Your email address will not be published. Required fields are marked *